মেটাৰ মডাৰেচন নীতিৰ পৰিৱৰ্তনৰ ফলত হিংসা আৰু হাৰাশাস্তিৰ কাণ্ড বৃদ্ধি পাইছে বুলি নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে
By Good Assam
শেহতীয়াকৈ ছ’চিয়েল মিডিয়া মেটাই প্ৰকাশ কৰা ইন্টিগ্ৰিটি Integrity ৰিপ’ৰ্টত প্ৰকাশ পাইছে যে ফেচবুকত হিংসাত্মক, গালি-গালাজ আৰু ভুৱা বিষয়বস্তু দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০২৫ চনৰ জানুৱাৰী মাহত বিষয়বস্তু মডাৰেচন নীতিত ডাঙৰ পৰিৱৰ্তন কৰাৰ পিছত এই প্ৰতিবেদন প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে।
প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ শেষৰ ফালে ফেচবুকত হিংসাত্মক আৰু অশ্লীল গ্রাফিক কন্টেন্টৰ পৰিমাণ ০.০৬-০.০৭% আছিল, যিটো ২০২৫ চনৰ প্ৰথম ত্ৰৈমাসিকত ০.০৯% লৈ বৃদ্ধি পাইছিল। এই শতাংশ সৰু যেন লাগিব পাৰে যদিও মেটাৰ কোটি কোটি ব্যৱহাৰকাৰীৰ তুলনাত এই সংখ্যা বৃহৎ।
একেদৰে ফেচবুকত গুণ্ডাগিৰি আৰু হাৰাশাস্তিৰ সৈতে জড়িত বিষয়বস্তুও বৃদ্ধি পাইছে। ২০২৫ চনৰ মাৰ্চ মাহত এনেধৰণৰ পৰিমাণ হঠাতে বৃদ্ধি পাই ইয়াৰ পৰিমাণ ০.০৬-০.০৭%ৰ পৰা ০.০৭-০.০৮%লৈ বৃদ্ধি পায়।
প্ৰতিবেদনত দেখা গৈছে যে ক্ষতিকাৰক বিষয়বস্তুৰ বৃদ্ধি এনে এটা সময়ত হৈছে যেতিয়া প্লেটফৰ্মৰ পৰা আঁতৰোৱা পোষ্টৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছে। ২০২৫ চনৰ প্ৰথম ত্ৰৈমাসিকত মেটাই ঘৃণনীয় বিষয়বস্তুৰ বাবে মাত্ৰ ৩৪ লাখ পোষ্টৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছিল, যিটো ২০১৮ চনৰ পিছত সৰ্বনিম্ন। একে সময়তে স্পেম আঁতৰোৱাৰ গোচৰো ৭৩ কোটিৰ পৰা ৩৬৬ মিলিয়ন হৈছেগৈ।
শেহতীয়াকৈ মেটাই নিজৰ নীতিত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। কোম্পানীয়ে কেৱল শিশু শোষণ আৰু সন্ত্ৰাসবাদৰ সৈতে জড়িত বিষয়বস্তুৰ দৰে গুৰুতৰ বিষয়তহে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু জাতি, লিংগ পৰিচয় আৰু অনুপ্ৰৱেশৰ দৰে স্পৰ্শকাতৰ বিষয়বোৰক ৰাজনৈতিক প্ৰকাশ হিচাপে কঠোৰভাৱে দৃষ্টি কৰা হোৱা নাই।
মেটাই আমেৰিকাত তৃতীয় পক্ষৰ তথ্য পৰীক্ষাৰ অংশীদাৰিত্বও শেষ কৰিছে। এতিয়া কোম্পানীটোৱে নতুন “কমিউনিটি নোটছ” বৈশিষ্ট্যৰ কথা উলিয়াইছে, যিটো ব্যৱহাৰকাৰীয়ে কৰা তথ্য-পৰীক্ষাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। অৱশ্যে ইয়াৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতাক লৈ বিশেষজ্ঞসকলে প্ৰশ্ন উত্থাপন কৰিছে। কোম্পানীটোৱে নিশ্চিতভাৱে দাবী কৰিছে যে নতুন কৌশলে মডাৰেচনৰ ভুল ৫০% হ্ৰাস কৰিছে।
কিশোৰ-কিশোৰীসকলৰ সুৰক্ষাৰ সন্দৰ্ভত মেটাই স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ ক্ষেত্ৰতো এতিয়া কঠোৰ নিয়ম প্ৰযোজ্য হ’ব। লগতে এআই ভিত্তিক প্ৰযুক্তিৰ সহায়ত বিষয়বস্তুৰ মডাৰেচন অধিক ফলপ্ৰসূ কৰা হৈছে।