আহিছে নতুন SIM Swap জালিয়াতি । ইয়াৰ পৰা কেনেকৈ হাত সাৰিব জানিবলৈ পঢ়িব।
By Good Assam
আজিৰ যুগত আমাৰ মোবাইল নম্বৰ আমাৰ পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে যদিও এই একেটা নম্বৰেই এতিয়া প্ৰৱঞ্চনাৰ মাধ্যমো হৈ পৰিছে। শেহতীয়াকৈ ব্ৰিটেইনৰ আগশাৰীৰ কোম্পানী এম এণ্ড এছ (মাৰ্কছ এণ্ড স্পেন্সৰ)ৰ ওপৰত সংঘটিত হোৱা এক বৃহৎ চাইবাৰ আক্ৰমণত চিম শ্বেপ জালিয়াতিৰ সন্দেহ কৰা হৈছে। এপ্ৰিল মাহত হোৱা এই আক্ৰমণৰ ফলত কোম্পানীটোৱে অনলাইন অৰ্ডাৰ বন্ধ কৰিবলগীয়া হয় আৰু ইয়াৰ ষ্ট’ৰসমূহৰ কাম-কাজ ব্যাহত হয়। এই আক্ৰমণৰ বাবে কোম্পানীটোৱে প্ৰায় ৩০ কোটি পাউণ্ডৰ লোকচানৰ সন্মুখীন হৈছে।
কি এই চিম শ্বেপৰ জালিয়াতি ?
যেতিয়া আপুনি এটা নতুন ফোন বা নতুন চিম কাৰ্ড কিনে আৰু আপোনাৰ পুৰণি মোবাইল নম্বৰটো তাত ট্ৰেন্সফাৰ কৰিব বিচাৰে তেতিয়া আপুনি আপোনাৰ মোবাইল সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰে। চাইবাৰ অপৰাধীয়ে এই প্ৰক্ৰিয়াৰ অপব্যৱহাৰ কৰে। মাকৰ নাম, প্ৰথম পোহনীয়া জন্তু, স্কুলৰ নাম আদি আপোনাৰ বিষয়ে ইমানবোৰ তথ্য সংগ্ৰহ কৰে যে আপোনাৰ নাম দেখুৱাই আপোনাৰ নম্বৰটো তেওঁলোকৰ চিম কাৰ্ডলৈ ট্ৰেন্সফাৰ কৰে।
চিম শ্বেপিঙে কেনেকৈ বৃহৎ লোকচানৰ সৃষ্টি কৰে?
যদি অপৰাধীয়ে আপোনাৰ নম্বৰৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে, তেন্তে তেওঁলোকে আপোনাৰ নামত কল আৰু এছএমএছ কৰিব পাৰে, আপোনাৰ বেংক, ইমেইল বা ছ’চিয়েল মিডিয়া একাউণ্টত লগ ইন কৰিব পাৰে। এইদৰে তেওঁলোকে আপোনাৰ ডিজিটেল জীৱনৰ সকলোখিনিতে প্ৰৱেশ কৰিব পাৰিব।
২০২৪ চনত চিম শ্বেপ আক্ৰমণ ১০৫৫% বৃদ্ধি পাইছে। এই প্ৰৱঞ্চনা নিশ্চয় জটিল, কিন্তু হাই-প্ৰফাইল লোকক লক্ষ্য কৰি লোৱাত ই অতি সহজ হৈ পৰিছে। ইয়াৰ বলি হৈছে টুইটাৰৰ প্ৰাক্তন চিইঅ’ জেক ডৰ্চিও।
চিম শ্বেপ জালিয়াতিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
(১) ছচিয়েল মিডিয়াত ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিব
(২) আপোনাৰ জন্ম তাৰিখ, স্কুল, পিতৃ-মাতৃৰ নাম আদি তথ্যই প্ৰৱঞ্চনাত সহায় কৰিব পাৰে।
(৩) অ’টিপিৰ বাবে মোবাইল নম্বৰৰ পৰিৱৰ্তে প্ৰমাণীকৰণ এপ ব্যৱহাৰ কৰক
(৪) যেনে Google Authenticator, Microsoft Authenticator ইত্যাদি।
(৫) এটা পাছকি Passkey ব্যৱহাৰ কৰক
আপোনাৰ ফোনত ফিংগাৰপ্ৰিণ্ট, ফেচ লক বা এটা শক্তিশালী পাছকোড ব্যৱহাৰ কৰক।
(৬) যদি আপোনাৰ নম্বৰ বিচ্ছিন্ন হয় বা নেটৱৰ্ক থকা স্থানত আপোনাৰ হঠাতে নেটৱৰ্কৰ সংকেত হেৰাই যায় তেন্তে তৎক্ষণাত সতৰ্ক হওঁক। এয়া হ’ব পাৰে চিম শ্বেপৰ প্ৰথম লক্ষণ।
(৭) আপোৰ ক্ষেত্ৰত এনে ঘটিলে তৎক্ষণাৎ পুলিচ থানাত যোগাযোগ কৰক আৰু 1930 নম্বৰত অভিযোগ দাখিল কৰক নাইবা cybercrime.gov.in পৰ্টেলত গৈ অভিযোক কৰক।