By Good Assam
পূৰ্বতে পাকিস্তান আৰু বাংলাদেশ ভাৰতৰেই অংশ আছিল। পাকিস্তানত থকা কিছুমান হিন্দু মন্দিৰ এতিয়াও বিশ্বাস আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। হিংলাজ মাতা মন্দিৰ, কতৰাজ মন্দিৰ, পঞ্চমুখী হনুমান মন্দিৰৰ দৰে ঠাইবোৰে হিন্দু পৰম্পৰাক জীয়াই ৰাখিছে।
প্ৰথমতে জানি লোৱা ভাল যে ধৰ্ম মানে হিংসা, অত্যাচাৰ নহয়, আৰু ধৰ্মক জোৰকৈ জাপি দিয়া বস্তু নহয়। সকলো ধৰ্ম সমান। ধৰ্ম মানে হৈছে মিলা প্ৰীতিৰে , জীৱনত বৈধতাৰে , শান্তিৰে আগবঢ়ি যোৱা এটা পৱিত্ৰ পথ। ভগৱান এজনেই তেওঁক আমি বিভিন্ন নামেৰে নামাকৰণ কৰো, কাৰণ তেওঁৰ ৰূপ অগনন।
পাকিস্তানত অৱস্থিত কিছুমান বিখ্যাত আৰু ঐতিহাসিক হিন্দু মন্দিৰ :
(১) হিংলাজ মাটা মন্দিৰ (বেলুচিস্তান):
পাকিস্তানৰ বেলুচিস্তানৰ হিংগল ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত হিংলাজ মাটা মন্দিৰ অৱস্থিত। ৫১ টা শক্তিপীঠৰ ভিতৰত এই মন্দিৰটো অন্যতম। বিশ্বাস কৰা হয় যে যেতিয়া ভগৱান শিৱই মাতা সতীৰ শৰীৰ লৈ তাণ্ডৱ কৰি আছিল, তেতিয়া মাতাৰ মূৰটো ইয়াতেই পৰিল।
(২) নৰসিংহ মন্দিৰ বা প্ৰহ্লাদপুৰী মন্দিৰ (মুলতান):
এই মন্দিৰটো ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰৰ বাবে উৎসৰ্গিত। কিংবদন্তি অনুসৰি ইয়াত হিৰণ্যকশিপুক ভগৱান নৰসিংহই হত্যা কৰিছিল।
(৩) ৰাম মন্দিৰ (চৈয়দপুৰৰ সমীপত, ইছলামবাদ):
এই প্ৰাচীন ৰাম মন্দিৰ ৰাজা মানসিংহই ১৫৮০ চনত নিৰ্মাণ কৰিছিল। আজিও এই মন্দিৰক হিন্দু সংস্কৃতিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
(৪) পঞ্চমুখী হনুমান মন্দিৰ (কৰচী):
কৰাচীত অৱস্থিত এই মন্দিৰটো হনুমানজীৰ পঞ্চমুখী ৰূপৰ প্ৰতি উৎসৰ্গিত। এই মন্দিৰৰ মূৰ্তি প্ৰায় ১৫০০ বছৰ পুৰণি বুলি কোৱা হয়।
(৫) গোৰখনাথ মন্দিৰ (পেছাৱৰ):
পেছাৱৰত অৱস্থিত গোৰখনাথ মন্দিৰ ১৯৪৭ চনৰ পিছত বন্ধ হৈ পৰে।২০১১ চনত পুনৰ মুকলি কৰা হয়।
(৬) গৌৰী মন্দিৰ (থাৰপাৰকাৰ):
থাৰপাৰকাৰ জিলাত অৱস্থিত এই মন্দিৰটো হিন্দু আৰু জৈন ধৰ্মৰ ভাগ-বতৰা ঐতিহ্যৰ প্ৰতীক।
(৭) বৰুণ দেৱ মন্দিৰ (কৰচী):
সাগৰ দেৱতা বৰুণৰ নামত উৎসৰ্গিত এই মন্দিৰটো ১০০০ বছৰতকৈও অধিক পুৰণি। ২০০৭ চনত হিন্দু পৰিষদে পুনৰ আৰম্ভ কৰে।
(৮) স্বামীনাৰায়ণ মন্দিৰ (কৰচী):
কৰাচীত অৱস্থিত এই স্বামীনাৰায়ণ মন্দিৰ প্ৰায় ১৬৫ বছৰ পুৰণি। এই মন্দিৰত ধৰ্মশালাও আছে য'ত ভক্তসকলে থাকিব পাৰে।
(৯) সাধু বেলা মন্দিৰ (চুক্কুৰ ):
১৮৮৯ চনত হৰনামদাস জীয়ে নিৰ্মাণ কৰিছিল সাধু বেলা মন্দিৰ। সিন্ধ প্ৰদেশৰ চুক্কুৰত অৱস্থিত আৰু ইয়াত প্ৰতি বছৰে এক বৃহৎ ভাণ্ডাৰাৰ আয়োজন কৰা হয়।
(১০) জগন্নাথ মন্দিৰ (চিয়ালকোট):
চিয়ালকোটত অৱস্থিত এই মন্দিৰত ভগৱান বিষ্ণুক জগন্নাথ ৰূপত পূজা কৰা হয়। প্ৰতি বছৰে ইয়ালৈ ভক্তসকল বৃহৎ সংখ্যক দৰ্শনৰ বাবে আহে।
(১১) শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ (কৰচী):
কৰাচীত অৱস্থিত লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰায় ২০০ বছৰ পুৰণি। ইয়াত দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণু উভয়ৰে মূৰ্তি স্থাপন কৰা হৈছে। ইয়াত দীপাৱলীৰ দৰে উৎসৱত বিশেষ পূজা কৰা হয়।