Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Auto Tag Ad Cash

Slider Menu

Slider Menu

মণিপুৰত ১২ জনক গ্ৰেপ্তাৰ




মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিদ্ৰোহ আৰু ধন দাবীৰ নেটৱৰ্কৰ বিৰুদ্ধে ব্যাপক যৌথ অভিযান চলাই যোৱা দুদিনত বিভিন্ন সংগঠনৰ ১২ জন সক্ৰিয় উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। 


ইম্ফল, থৌবাল, বিষ্ণুপুৰ আৰু দাঁতিকাষৰীয়া জিলাসমূহৰ চোৰাংচোৱা তথ্যৰ ভিত্তিত চলা এই অভিযান। ইয়াৰ মাজতে বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলীও উদ্ধাৰ কৰা হয়। এই তথ্যৰ পিছতে যৌথ অভিযানত থৌবাল জিলাৰ পৰা কেচিপি (এমএফএল)ৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গ্ৰেনেড, মোবাইল আৰু চিম কাৰ্ড উদ্ধাৰ কৰে।


একেদৰে ছেকমাই বজাৰৰ পৰাও গ্ৰেপ্তাৰ কৰে কেচিপিৰ এজন সদস্যক। বুধবাৰে আন এক অভিযানত আৰক্ষীয়ে ৰিমছ কেম্পাছ (লামফিল)ৰ পৰা অপহৰণৰ বলি হোৱা মহম্মদ ছাদাম হুছেইনক অপহৰণ কৰাৰ গোচৰত ৰাষ্ট্ৰীয় ঘাইপথ-১০২ৰ লিলং দলঙৰ পৰা ইউএনএলএফ(পি)ৰ তিনিজন কেডাৰক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা এটা ৯ এম এম পিষ্টল, গুলী, মোবাইল ফোন, নগদ ধন, আধাৰ কাৰ্ড আৰু এখন চাৰিচকীয়া বাহন উদ্ধাৰ কৰা হৈছে। একেদৰে কেচিপি (পিডব্লিউজি) আৰু অন্যান্য ফৈদৰ অন্তৰ্গত আৰু চাৰিটা কেডাৰক বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ মাজতে অস্ত্ৰ-শস্ত্ৰ, গুলী, নগদ ধন, পৰিচয় পত্ৰ, বাহন আৰু মোবাইল ফোন উদ্ধাৰ কৰা হয়। ইয়াৰ সমান্তৰালকৈ ৩খন চুৰি বাহন উদ্ধাৰ কৰাৰ লগতে ৰাজ্যজুৰি এক বিশেষ অভিযানত ৭৬খন বাহনৰ পৰা ক’লা গ্লাচ আঁতৰোৱা হয়।






Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection