অসমত এতিয়া বৃদ্ধি পাইছে তিৰোতা লাভাৰৰ ঘটনা।
শিক্ষকো বাদ নপৰিল পৰকীয়া প্ৰেমত । স্বামীয়ে হত্যা কৰে দুয়োকে।
By Good Assam 21 May , 2025
ছোৱালী ভাল নলগা হʼল একাধিক পুৰুষৰ! তিৰোতাৰ কোমলীয়া মাত আৰু হৰিণী চাওনিত মৰিব ধৰিছে একাধিক যুৱক। কাৰণ একাংশ তিৰোতাই সুযোগ দিয়ে হেনো!
পুণৰ এনে এক ঘটনা সংঘটিত হয় নগাঁৱৰ কামপুৰত । পৰকীয়া প্ৰেমৰ বাবে পত্নী আৰু প্ৰেমিকক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে স্বামীয়ে ।
হত্যাকাৰীৰ নাম হৈছে কামপুৰৰ ঘিলানী গাঁৱৰ জয়ন্ত দাস । দুই সন্তানৰ মাতৃ জনীয়ে কামপুৰৰ পুঠিমাৰী অঞ্চলৰ এখন বিদ্যালয়ৰ টেট শিক্ষক ভাস্কৰ নাথৰ লগত প্ৰেমলীলা কৰে। তাই নিজৰ স্থান সলনি কৰি কামপুৰৰ এটা ভাড়াঘৰত বাস কৰিছিল। স্বামীয়ে গুৱাহাটীৰ এটা কোম্পানীত এজন ছিকউৰিটি গাৰ্ড হিচাপে কাম কৰে। স্বামী জয়কান্ত দাসে পত্নী আৰু ভাস্কৰ নাথৰ সম্পৰ্কৰ কথা গম পাই কেইবাবাৰো পত্নীৰ লগতে শিক্ষক ভাস্কৰক সাৱধান কৰি আহিছিল ।
সোমবাৰৰ নিশা জয়কান্ত ঘৰত নাছিল । এই সুযোগত ভাস্কৰ নাথে তাই থকা ভাৰাঘৰত আহে আৰু মধুৰ মিলন ঘটে। যেতিয়া জয়কান্ত ঘৰলৈ ঘূৰি আহি দুয়োকে কোঠাৰ ভিতৰত দেখে। এই চৰিত্ৰ হীনৰ দৃশ্য দেখি তাৰ তীব্ৰ খং উঠে
আৰু দুয়োকে ৰ'ডেৰে প্ৰহাৰ কৰে । এই প্ৰহাৰত মৃত্যু হয় ভাস্কৰ আৰু জয়কান্তৰ পত্নীৰ । ইয়াৰ পাছতে হত্যাকাৰী স্বামী জয়কান্ত দাসে আত্মসমৰ্পণ কৰে কামপুৰ থানাত ।
নিশা প্ৰায় ১১:২০ বজাত সংঘটিত হোৱা ঘটনাটোৰ পিছত বুধবাৰে পুৱা আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
আন এক ঘটনা :
ৰাতি নিশা ১১ বজাত ভাইটিয়ে মোৰ পত্নীক পলুৱাই নিলে...দেওৰেকে পলুৱাই নিলে বৌৱেকক। মণ্টু শইকীয়াৰ পত্নীক পলুৱাই নিলে দেওৰেক শ্ৰীমন্ত শইকীয়াই। পৰকীয়া প্ৰেমে থানবান কৰিলে সুখৰ সংসাৰ।
পৰকীয়া প্ৰেমৰ আন এক ভাইৰেল কাহিনী:
পৰকীয়া প্ৰেমক লৈ তাৎক্ষণিক সিদ্ধান্ত স্বামীৰ,যুৱকৰ সৈতে পলাই গৈছিল পত্নী, পলাই যোৱা পত্নীক বিচাৰি আনি আনুষ্ঠানিকভাৱে বিয়া পাতি বিদায় দিলে স্বামীয়ে...ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দৃশ্য ।