Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Auto Tag Ad Cash

Slider Menu

Slider Menu

ভূঁই ৰোৱা ৰুৱনী জনী - Assamese Story




        ভূঁই ৰোৱা ৰুৱনী জনী 

( সত্য কাহিনীৰ আধাৰত ৰচিত গল্প )


( অপূৰ্ব দাস )


হায়াৰ চেকেণ্ডেৰীটো পাছ কৰাৰ পিছত তাইৰ পঢ়িবলৈ বহু আশা আছিল ; কিন্তু সেয়া সম্ভৱ নহʼল। ঘৰখনৰ যিহে অৱস্থা ! অৱশ্যে দেউতাক থকা হ'লে...... 
এৰাহ! তাইৰ জন্মৰ এবছৰ নহওঁতেই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ'ল। মাকে কৈছে - দেউতাকৰ কৰ্কট ৰোগ হৈছিল। ভাবিলে তাইৰ বহুত দুখ লাগে। 
ঘৰখনত মাকজনী আৰু সৰু ভনী জনী। তাই বৰ্তমান চৰকাৰী স্কুলত সপ্তম শ্ৰেণীত পঢ়ি আছে। মাকৰো ডায়েবেটিচ ৰোগ হৈছে - মানুহজনী একেবাৰে দুৰ্বল হৈ পৰিছে। ইঘৰে-সিঘৰে কাম-বন কৰি যি টকা পায় তাৰেই কেনেবাকৈ ঘৰখন চলাই আছে। খেতিৰ মাটি বুলিবলৈ এবিঘাও নাই। ঘৰৰ পিছফালে এখন আধা বিঘা মানৰ বাৰী আছে, তাতে তামোল গছ আছে। তামোলবোৰ বিক্ৰী কৰি আৰু গাইজনীৰ গাখীৰ বিক্ৰী কৰি ভাতকেইতাৰ খৰচ আৰু ভনীয়েকৰ পঢ়া খৰচ উলিয়ায়। 
অৰুণোদয় আঁচনি, আমাৰ দৰে টকা ভেটি দিব নোৱাৰা মানুহে কʼতনো পাম? ৰেচন কাৰ্ডৰ চাউলকেইটাই যে পাওঁ।
এগৰাকী নাৰ্চ হ'বলৈ খুব মন আছিল তাইৰ..... পিছে মনৰ আশা মনতেই ৰ'ল।

: ডাঙৰ মাজনী, মই ধনেশ্বৰ মহাজনৰ ঘৰলৈকে গৈছিলো। সিহঁতৰ ৩৭ বিঘামান মাটি আছে। এইবাৰ ৰুৱনী লাগিব বুলি কৈছে। দিন হাজিৰা ৩৫০ টকাকৈ দিব লগতে খোৱা-লোৱাও আছে। - মাকে লাল চাহৰ কাপটো তাইৰ সন্মুখত দি কথাখিনি ক'লে।

: ইমান দূৰ! মোৰ যাবলৈ মন নাই । 

: কিহৰ ইমান দূৰ, নগ'লে পইচা ক'ত পাবি? ঘৰখনত একোৱেই নাই। আৰু তোৰ বিয়াৰ যোগাৰ কৰিব লাগিব নহʼয় !

: মোৰ বিয়া? মই ইমান সোনকালে বিয়া নহওঁ দেই!

: শুনা, দৰা এজন চাইছো। লʼৰাটো ভাল। অসমৰ বাহিৰৰ কোম্পানী এটাত কাম কৰে। এইবাৰ ঘৰলৈ আহিলে কথাটো খাটাং হ'ব। 

: মোক নোকোৱাকৈ দৰা চাইছো কিয়? যাৰে তাৰে লগত মোৰ বিয়া হ'বলৈ মন নাই ।

: মাজনী, তোৰ বিয়াৰ বয়সো হৈ আহিছে। যিয়েই নহওঁক বিয়াৰ কথা পিছতো হ'ব। অহা কালিৰ পৰা পথাৰৰ কাম ওলাব। তই আজি গধূলি গাড়ীত উঠি সিহঁতৰ ঘৰলৈ যাবি। মই কৈ থৈছোঁ তই যাবি বুলি। থকাৰ কাৰণে চিন্তা নাই। সিহঁতৰ ঘৰত থকাৰ বাবে ৰুম আছে।

: মই অকলে যাব লাগিব? - তাইৰ মনত কিছু বেজাৰ ভাব প্ৰকাশ পালে।

: অকলে যাব নোৱাৰা হলিনে ? ঘৰটো দেখোন চিনি পোৱাই। 
ধনেশ্বৰৰ পুতেক ৰাহুলৰ জন্ম উৎসৱত দেখোন গৈছিলো।

: হ'ব মা, গধূলি যাম বাৰু । - এই বুলি কৈ তাই কাপোৰ কেইখন ধুবলৈ গ'ল।

গধূলি তাই ধনেশ্বৰৰ ঘৰ পালেগৈ। দেউতাক ঢুকুৱাৰ পৰা মাকজনীয়ে সিহঁতৰ ঘৰতেই বেছিভাগ সময় কাম কৰি আহিছে। মাকৰ ককালৰ বিষ আৰু শৰীৰ দুৰ্বল হোৱা বাবে এইবাৰ ভূঁই ৰুব নোৱাৰে । সেয়েহে এইবাৰ তাইয়েই মাকৰ ঠাইত ভূঁই ৰুব। 

: তৰা, আহি পালা? তোৰ কথাই আমি পাতি আছিলোঁ। তই আহিবা বুলি। - ধনেশ্বৰৰ ঘৈনীয়েক লভিতাই তাইক বহিবলৈ দিলে।

: অ' জেঠী মা, আহি পালোঁ। - এইবুলি কৈ তাই চকীখনত বহিল।

: অহা কালিৰ পৰা পথাৰৰ কাম ওলাব । তই মোৰ লগতে যাব লাগিব দেই। যোৱা হাত-মুখ ধুই লোৱা। চাহ অকণমান বনাই আনো। 

: জেঠী মা , জেঠাই নাই নেকি? - ইফালে -সিফালে চাই তাই জেঠাকক নেদেখি সুধিলে।

: আৰু কেইজনীমান ৰুৱনী ৰাগিব। ৰুৱনী বিচাৰি ওলাই গৈছে। আজি-কালি ৰুৱনী পাবলৈ বহুত টান। কোনেও পথাৰত নামিবই নিবিচাৰে দেখোন। আমি পথাৰৰ কাম কৰি কৰি আজি ৪৫ বছৰ পাৰেই কৰিলোঁ।

: জেঠী মা, ৰাহুল দা এতিয়া ক'ত আছে?

: ৰাহুল? সি ওচৰৰে প্ৰাইভেট হস্পিটেল খনত চাকৰি এটা পালে। তাতে কাম কৰে। নিশা ১০ বজাতহে ঘৰলৈ আহে। 
কেতিয়াবা নিশাৰ ডিউটিঅ থাকে।

তাইৰ মনটো ভাল লাগিল। কাৰণ তাই এবাৰ মাকৰ লগত আহোতে ৰাহুলে তাইক I love you বুলি কৈছিল। পাছেৰে আহি মনে মনে তাইৰ গালত চুমা আকি দিছিল।‌ তেতিয়া তাই অষ্টম শেনীত পঢ়ি আছিল। জেঠীয়েকে দিয়া চাহ কাপ খাই তাইক থাকিবলৈ দিয়া ৰুমটোত সোমাই বাগৰ দি পৰিল। জেঠায়েকে আহিয়েই তাইৰ লগত কিছু সময় কথা পাতিলে। আচলতে ধনেশ্বৰৰ তাইকেই ঘৰ খনৰ বোৱাৰী কৰিবলৈ মন। সেয়েহে তেওঁ তাইক বহুত মৰম কৰে।

নিশা দেৰিকৈ আহিল ৰাহুল। আহিয়েই কাৰোবাৰ লগত ফোনত কথা পতাত ব্যস্ত। ৰাতি কেতিয়া তাইৰ টোপনি আহিল গমকে নাপালে। 

ৰাতিপুৱাৰ জা-জলপান খাই জেঠীয়েকৰ লগত পথাৰলৈ ভূঁই ৰুবলৈ গ'ল। ভূঁই ৰুই থকাৰ মাজতে জেঠীয়েক জনীয়ে বাকী ৰুৱনী সকলক ধেমালিতে ক'লে - 
: এইজনী আমাৰ ঘৰৰ বোৱাৰী। এইবাৰ একেবাৰে ৰাহুলৰ লগত বিয়াখন পাতি দিম।
তাইৰ হৃদয়ত ধপধপনি বাঢ়ি গ'ল। এক মিঠা সুখ অনুভৱ কৰিলে। তাই জেঠীয়েকৰ এই কথাটো সঁচা বুলি ভাবি লʼলে। সকলোৱে মিলি হাঁহি-ধেমালিৰে কেতিয়া সময় পাৰ কৰিলে গমকেই নাপালে। 

নিশা যেতিয়া তাই মাকক ফোন কৰিলে । তেতিয়া এই কথাটো মাকক কৈ দিলে। ভাত কেইটা খাই তাই বিচনাত শুই পৰিল। ৰাতি ১২ মান বজাত তাইৰ দুৱাৰত কোনোবাই টুকুৰিয়ালে। তাই প্ৰথমতে ভয় খালে। পিছত গম পালে সেয়া ৰাহুল। লাহেকৈ দোৱাৰখন খুলি দিলে। লগে লগে ৰাহুল ৰুমৰ ভিতৰলৈ সোমাই আহি তাইক সাৱটি ধৰিল।

: তৰা, মই তোক বহুত ভাল পাওঁ !

: সঁচাকৈ মোক ভাল পোৱা? - এক বুজাব নোৱাৰা অনুভূতিত তাইও ৰাহুলক সাৱটি ধৰিলে।

: উম, সঁচাকৈ ! মই তোক নিজৰ কৰিম। মাথো তোমাৰ সকলো মৰম লাগে। 

তাইৰ শৰীৰৰ গোটেই কাপোৰ খুলি দিলে। তাইৰ ওঁঠত বাৰে বাৰে চুমা আকি দিবলৈ ধৰিল। তাই আবেগিক হৈ ৰাহুলক সকলো এৰি দিলে । নিশা সিহঁত দুজনৰ মধুৰ মিলন হ'ল। এক মিঠা অনুভূতিয়ে তাইৰ হৃদয় কঁপাই তুলিলে। আহ, কি মিঠা অনুভৱ ! যিমান দিন তাই ৰাহুল হঁতৰ ঘৰত থাকিল সিমান দিনেই প্ৰিতিটো নিশা ৰাহুল আৰু তাইৰ মিলন হ'বলৈ ধৰিল।

পথাৰৰ কাম শেষ হ'ল। গাওঁলীয়া সকলে কয় হাল উঠা বুলি। ঘৰলৈ আহিবৰ দিনা তাইৰ চকু চলচলীয়া হ'ল। টকা কেইতা হাতত লৈ তাই ঘৰলৈ আহিবলৈ ওলাল। জেঠাক আৰু জেঠীয়েকক সেৱা লৈ তাই ঘৰলৈ আহিবলৈ ওলাল। ৰাহুলে তাইক ক'লে -

: তই চিন্তা কৰি নাথাকিবি। মই অতি সোনকালেই ঘৰত আলোচনা কৰি তোক বিয়া পাতি লৈ আহিম। 

এক মিঠা অনুভূতি লৈ তাই সিহঁতৰ ঘৰৰ পৰা আহিল। দিনবোৰ বাগৰিল। কিন্তু তাইক এটা ভয়ে খুলি খাব ধৰিছে।
তাই যদি অন্তসত্তা হ'য় ? 

: ৰাহুল, মই আৰু ঘৰত এনেকৈ কিমান দিন থাকিম?
মোক লৈ যোৱাহি। মাই সকলো কথা গম পালে মোক ঘৰৰ পৰা উলিয়াই দিব। - ৰাহুলক ফোনটো লগাই তাই কʼবলৈ ধৰিল।

: ভয় খাব নালাগে। মই চাকৰিটো কৰা মাথো এবছৰে হৈছে। আৰু দুই-তিনি বছৰ অপেক্ষাও কৰিব নোৱাৰোঁনে ?

: দেহা, এনেকৈ কিমান দিন অপেক্ষা কৰিম । মই যদি অন্তসত্তা হৈ যাওঁ কি হ'ব?

: শুনা, তেনেকুৱা একো নহ'য়, কাৰণ মই যে তোমাক টেবলেট খাব দিছিলোঁ সেইয়া গৰ্ভ নিৰোধক টেবলেট। আৰু মোক অশান্তি কৰি নাথাকিবা। মই ডিউটিত আছো। 
- এই বুলি কৈ ৰাহুলে ফোনটো কাটি দিলে।

তাইৰ আৰু ৰাহুলৰ সম্পৰ্কৰ কথা মাকক ক'ব খুজিও ক'ব নোৱাৰিলে । দিনবোৰ বাগৰিল। দুটা বছৰ পাৰ হ'ল। আজি-কালি ৰাহুলে তাইৰ ফোন ৰিচিভ নকৰা হ'ল। ফোন কৰিলেও কাটি দিয়ে। এইফালে মাকে তাইক বিয়া দিবলৈ চেষ্টা কৰি আছে, কিন্তু তাই কাৰো সৈতে বিয়াত নবহে। একমাত্ৰ ৰাহুলৰ বাহিৰে তাই কাৰো লগত সুখী হ'ব নোৱাৰে।

: তৰা, তই কলৈ গৈছিলি? ইমাবোৰ ঘৰত কাম পৰি আছে, একোৱেই কৰা নাই । শুনা, এটা ভাল খবৰ ! ৰাহুলে ছোৱালী এজনী পলুৱাই আনিছে। অহা ১২ তাৰিখে বিয়া। মাজতে মাথো এসপ্তাহে আছে। জেঠায়েৰা আহিছিল বিয়াত মাতিবলৈ। তোক বিচাৰিছিল। 

এই কথা শুনাৰ লগে লগে তৰাৰ সৰ্বশৰীৰ যন্ত্ৰণাত কঁপি উঠিল। তাই ঘৰৰ ভিতৰলৈ সোমাই কান্দিবলৈ ধৰিল।
মাকে আচৰিত হ'ল। তাইৰ ওচৰলৈ আহি সুধিলে -

: তোৰ আকৌ কি হ'ল?

: মা, সি মোৰ লগত অন্যায় কৰিলে। মোৰ শৰীৰ উপভোগ কৰি কৈছিল - মোক বিয়া পাতিব বুলি। এই পৃথিৱীত সকলোকে উপভোগ কৰিবলৈ কেৱল শৰীৰহে লাগে। মোক উপভোগ কৰি এৰি দিলে , মা। ইমান দিনে সি মোক মিছা আশা দি আছিল।

: এইবোৰ কথা কিয় লুকুৱাই ৰাখিছিলি? এতিয়া বহু দেৰি হৈ গ'ল! মোৰ হাতত কৰিবলৈ একো উপাই নাই! - মাকৰ দুগালেৰেও চকু পানী বৈ আহিল।

: এতিয়া এটাই উপায় আছে, মই বিচাৰি দিয়া লʼৰা এটাৰ লগতে তই বিয়া হ'ব লাগিব। সমাজে যাতে এই কথা গম নাপায়।

: মা, মই নোৱাৰিম ! আনৰ হ'ব নোৱাৰিম। এই শৰীৰ কেৱল তাকেই দিছোঁ। মই তাক প্ৰাণ ভৰি আজিও ভাল পাওঁ।

: মোৰ মতে তই চলিব লাগিব। অহা কালিয়েই তোৰ বিয়া থিক কৰিম। - হঠাতে মাকে ঘৰৰ ভিতৰত পৰা ওলাই কৰবালৈ গ'ল।

মাকে একো নোকোৱাকৈ হঠাতে কলৈ গ'ল তাইৰ বুজিবৰৈ বাকি নাথাকিল । ৰাতি ৯ মান বাজিল। তাই ভাত কেইটা ৰান্ধি ভনীয়েকক খাবলৈ দিলে।

: ভন্টি, তই ভাত খাই শুই থাকিবি। মই মা অহালৈ বাট চাওঁ।
 
- এই বুলি কৈ তাই সেই ৰাতি নদীখনৰ ফালে খোজকাঢ়ি গৈ থাকিল । বৰষুণো পৰিবলৈ আৰম্ভ কৰিছে। হয়তো তাইৰ দুখতে দুখী হৈছে বতৰেও। 
তাইৰ দুচকুৰে ধাৰাসাৰ চকু পানী ববলৈ ধৰিল। তাইৰ নিজকে ঘৃণা লাগিল। জীৱনটোৰ প্ৰতি মোহ হেৰাই গ'ল। বাৰিষাৰ ভৰা নৈৰ বুকুত তাই জাপ মাৰি নিজকে শেষ কৰি দিল।







Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection