ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে কিমান সময় খোজ কাঢ়িব লাগে? খোজ কঢ়াৰ সঠিক সময় আৰু পদ্ধতি জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
ডায়েবেটিছ ৰোগীৰ বাবে খোজ কঢ়াটো অন্যতম সহজ আৰু ফলপ্ৰসূ ব্যায়াম। কিন্তু সঠিক সময়ত আৰু সঠিক পদ্ধতিত কৰাটো অতি প্ৰয়োজনীয়, যাতে ইয়াৰ সম্পূৰ্ণ সুফল পাব পাৰে।
ডায়েবেটিছ ৰোগত শৰীৰৰ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণহীন হৈ পৰে। ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ ঔষধ আৰু খাদ্যৰ লগতে নিয়মীয়া শাৰীৰিক পৰিশ্ৰমও অতি প্ৰয়োজনীয়। ডায়েবেটিছ ৰোগীৰ বাবে খোজ কঢ়াটো অন্যতম সহজ আৰু ফলপ্ৰসূ ব্যায়াম। কিন্তু সঠিক সময়ত আৰু সঠিকভাৱে কৰাটো অতি প্ৰয়োজনীয়, যাতে ইয়াৰ সম্পূৰ্ণ সুফল লাভ কৰিব পৰা যায়।
প্ৰতিদিনে কিমান সময় খোজ কাঢ়িব লাগে?
ডায়েবেটিছ ৰোগীক প্ৰতিদিনে কমেও ৩০ৰ পৰা ৪৫ মিনিটৰ দ্ৰুত খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়া হয়। এই খোজ কঢ়াটো একেলগে কৰিব পাৰি বা ১০-১০ মিনিটৰ তিনিটা ভাগতো ভাগ কৰিব পাৰি। সপ্তাহত কমেও ৫ দিন খোজ কঢ়াটো উপকাৰী বুলি গণ্য কৰা হয়। খোজকাঢ়িলে কেৱল তেজৰ চেনি নিয়ন্ত্ৰণ কৰাই নহয়, ইনচুলিনৰ সংবেদনশীলতাও বৃদ্ধি কৰে আৰু হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।
খোজ কঢ়াৰ উপযুক্ত সময় :
খাদ্য খোৱাৰ পিছত খোজ কঢ়াটো বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। বিশেষকৈ ৰাতিৰ আহাৰ খোৱাৰ পিছত ১৫ৰ পৰা ৩০ মিনিটৰ লঘু খোজ কাঢ়িলে তেজৰ চেনিৰ মাত্ৰা দ্ৰুতগতিত কমি যোৱাত সহায় কৰে। খাদ্য খোৱাৰ পিছত কমেও ৩০ মিনিটৰ পিছত খোজ কাঢ়িবলৈ ওলাই যাব লাগে, খাদ্য খোৱাৰ লগে লগে নহয়। ৰাতিপুৱা খালী পেটত খোজ কঢ়াটোও উপকাৰী হ’ব পাৰে, কিন্তু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। যদি আপুনি ইনচুলিন গ্ৰহণ কৰে বা আপোনাৰ তেজত চেনিৰ মাত্ৰা ইতিমধ্যে কম হয় তেন্তে ৰাতিপুৱা খোজ কঢ়াৰ আগতে লঘু ব্ৰেকফাষ্ট কৰাটো ভাল।
খোজ কঢ়াৰ শৈলী কি হ’ব লাগে?
ব্ৰিস্ক ৱাক মানে এনে এটা খোজ য’ত আপুনি স্বাভাৱিকতকৈ বেছি বেগেৰে খোজ কাঢ়িব লাগে , কিন্তু দৌৰাকৈ নহয়। খোজ কঢ়াৰ সময়ত পিঠিখন পোন কৰি ৰাখক, হাত দুখন স্বাভাৱিকভাৱে লৰচৰ কৰক আৰু উশাহ-নিশাহৰ হাৰ সুষম কৰি ৰাখক। খোজ কঢ়াৰ সময়ত জোতা আৰামদায়ক আৰু ভাল হ’ব লাগে, যাতে ভৰিৰ ওপৰত কোনো ধৰণৰ চাপ নাথাকে।
ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে খোজ কঢ়াটো এটা সহজ কিন্তু ফলপ্ৰসূ উপায়। সঠিক সময়ত, নিয়মিতভাৱে আৰু সঠিক কৌশলেৰে খোজ কাঢ়িলে আপোনাৰ তেজৰ চেনি নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু আপোনাৰ স্বাস্থ্য উন্নত কৰে।