খাদ্য শাস্ত্ৰ অনুসৰি কোনবিধ শাক-পাচলি কোন দিনত খাব নালাগে জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
ভাৰতীয় সংস্কৃতিত খাদ্যক কেৱল শাৰীৰিক প্ৰয়োজনীয়তা বুলি গণ্য কৰাই নহয়, আমাৰ মানসিক, আধ্যাত্মিক আৰু সামাজিক জীৱনৰ লগতো ই গভীৰভাৱে জড়িত। আয়ুৰ্বেদ, যোগ আৰু পৰম্পৰাগত গ্ৰন্থত খাদ্যৰ নিয়মৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।
আমাৰ পূৰ্বপুৰুষসকলে অনুভৱ কৰিছিল যে সপ্তাহৰ প্ৰতিটো দিনৰ নিজস্ব বিশেষ শক্তি থাকে আৰু গ্ৰহবোৰে আমাৰ শৰীৰ আৰু মানসিক অৱস্থাত প্ৰভাৱ পেলায়। এই ভিত্তিত খাদ্য শাস্ত্ৰ বা আহাৰ শাস্ত্ৰত কোৱা হৈছে যে কোনবিধ শাক-পাচলি, শস্য বা ফল-মূল কোন দিনত খোৱাটো শুভ বা অশুভ।
যদি আমি এই নিয়মবোৰ পালন কৰো, তেন্তে স্বাস্থ্য উপকাৰৰ লগতে মানসিক শান্তি, আধ্যাত্মিক উন্নতি আৰু গ্ৰহৰ বিৰূপ প্ৰভাৱৰ পৰা সুৰক্ষাও লাভ কৰিব পাৰি। সপ্তাহৰ প্ৰতিটো দিনত কোনবোৰ শাক-পাচলি পৰিহাৰ কৰিব লাগে সেই বিষয়ে বিতংভাৱে তলত উল্লেখ কৰা হ'ল -
(১) সোমবাৰ (চন্দ্ৰৰ দিন)
চন্দ্ৰৰ প্ৰভাৱ: মন, আৱেগ আৰু পানীৰ উপাদানৰ ওপৰত।
এইবোৰ নাখাব:
• কঁঠাল— ই গধুৰ আৰু হজম কৰাত কঠিন। মনক শান্ত আৰু পোহৰ কৰি ৰখাৰ বাবে সোমবাৰ চন্দ্ৰৰ দিন। কঁঠালৰ দৰে গধুৰ খাদ্য খালে মনত অলসতা আৰু এলাহৰ সৃষ্টি হ’ব পাৰে।
• কচু — ইয়াৰ উপৰিও ই গধুৰ হোৱাৰ বাবে পেটত গেছ আৰু জ্বলন বৃদ্ধি কৰিব পাৰে। সোমবাৰে উপবাসে থকা ব্যক্তিয়ে বিশেষভাৱে পৰিহাৰ কৰিব লাগে।
সোমবাৰে খাবলৈ লগা শাক-পাচলি: পানী লাউ, জিকা, ডালিম, তিয়হ হজম শক্তিত সহায় কৰে।
(২) মঙলবাৰ (মংগল গ্ৰহৰ দিন)
মংগল গ্ৰহৰ প্ৰভাৱঃ শক্তি, তেজ, অগ্নি মৌল।
এইবোৰ খাদ্য নাখাব:
• আলু — ই কফ আৰু মেদবহুলতা বৃদ্ধি কৰে। মঙলবাৰে অগ্নি উপাদানৰ ভাৰসাম্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ। আলু খালে শৰীৰত কফ বৃদ্ধি পায় যাৰ ফলত অলসতা হ’ব পাৰে।
• ভেণ্ডী — মংগল গ্ৰহৰ লগত জড়িত শক্তি প্ৰবাহিত কৰি ৰাখিবলৈ ইয়াক পৰিহাৰ কৰিব লাগে।
• তিতা - মঙ্গলবাৰৰ দিনটোত তিতা সেৱন কৰা উচিত নহয়।
খাব পৰা শাক-পাচলি: সেউজীয়া পাতৰ শাক-পাচলি, বিলাহী, কেপচিকাম — তেজ বিশুদ্ধ কৰাত সহায় কৰে।
(৩) বুধবাৰ ( শ্ৰী গনেশ বা ৰাহু )
বুধৰ প্ৰভাৱঃ বুদ্ধি, স্নায়ুতন্ত্ৰ, ছাল।
এইবোৰ খাদ্য নাখাব:
• তিতা কেৰেলা — ই অতি তিতা আৰু বুধৰ বিপৰীতে কাম কৰে। এই দিনটোত তিতা সেৱন কৰিলে মানসিক বিৰক্তিৰ সৃষ্টি হ’ব পাৰে।
পিঁয়াজ — পিঁয়াজত ৰাজসিক আৰু তামসিক গুণ আছে। ধ্যান, যোগাযোগ আৰু মানসিক ভাৰসাম্যৰ বাবে বুধবাৰৰ দিন ভাল। পিঁয়াজ সেৱনে মন অস্থিৰ কৰি তুলিব পাৰে।
খাব পৰা শাক-পাচলি: জিকা, বিলাহী , ধনীয়া — সতেজ।
(৪) বৃহস্পতিবাৰ (গুৰু বৃহস্পতিৰ দিন)
বৃহস্পতিৰ প্ৰভাৱঃ জ্ঞান, গুৰু উপাদান, স্বাস্থ্য, হজম শক্তি।
এইবোৰ নাখাব:
বেঙেনা — বেঙেনা বহু ধৰ্মত বৃহস্পতিবাৰে নিষিদ্ধ বুলি গণ্য কৰা হয়। ই হজম শক্তিৰ ওপৰতো গধুৰ হ’ব পাৰে। ধৰ্মীয় দৃষ্টিকোণৰ পৰাও বৃহস্পতিবাৰে বেঙেনা খোৱাটো অশুভ বুলি গণ্য কৰা হয়।
মূলাও বৃহস্পতিবাৰে খাব নালাগে।
মাছ-মাংস -বৃহস্পতিবাৰে মাছ-মাংস খালে গুৰু দুৰ্বল হ'য়। যাৰ ফলত ধনৰ খৰচ, ৰোগ, সমস্যা আদিৰ সৃষ্টি হ'য়।
(৫) শুকুৰবাৰ (শুকুৰ দিন)
শুক্ৰৰ প্ৰভাৱঃ প্ৰেম, সৌন্দৰ্য্য, শিল্প, প্ৰজনন তন্ত্ৰ।
এইবোৰ খাদ্য নাখাব:
• ভেঁকুৰ বা মাছৰুম — ই এটা তামাছিক খাদ্য। শুক্ৰৰ দিনটোত মৃদু, সাত্ত্বিক খাদ্য খাব লাগে যাতে মন আৰু শৰীৰ মৃদু আৰু আকৰ্ষণীয় হৈ থাকে।
• গধুৰ আৰু তেলত ভজা খাদ্য — শুক্ৰ সৌন্দৰ্য্য আৰু স্বাস্থ্য বৃদ্ধিৰ দিন, গধুৰ খাদ্যই ছাল আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।
এইবোৰ শাক-পাচলি খাব : তিঁয়হ, গাজৰ , বিলাহী, সেউজীয়া পাতৰ শাক-পাচলি — সৌন্দৰ্য্য বৃদ্ধিৰ বাবে সহায়ক।
(৬) শনিবাৰ (শনি গ্ৰহৰ দিন)
শনিৰ প্ৰভাৱঃ কঠোৰ পৰিশ্ৰম, ন্যায়, স্থিৰতা, বাত দোষ।
এইবোৰ খাদ্য নাখাব:
বেঙেনা — শনিৰ সৈতে জড়িত লোকসকলে বিশেষকৈ শনিবাৰে বেঙেনা পৰিহাৰ কৰিব লাগে। ধৰ্মীয় বিশ্বাস অনুসৰি ই ভগৱান শনিক অসন্তুষ্ট কৰিব পাৰে।
কচু - কচুৱে বাত বৃদ্ধি কৰাৰ গুণ আছে, যিটো শনি গ্ৰহৰ দিনত বিশেষভাৱে ক্ষতিকাৰক হ'ব পাৰে। বাত বৃদ্ধি হ'লে দেহত বিষ হ'য়।
তিতা - তিতা খাদ্য শনিবাৰে খোৱা উচিত নহয়।
(৭) দেওবাৰ ( সূৰ্য )
সূৰ্য্যৰ প্ৰভাৱঃ আত্মবিশ্বাস, শক্তি, অগ্নি।
এইবোৰ নাখাব:
মচুৰ দাইল - সূৰ্য্যৰ তীব্ৰতা হ্ৰাস কৰিব পাৰে।
আলু - ইয়াৰ উপৰিও ই এলাহ বৃদ্ধি কৰে আৰু পাচনতন্ত্ৰৰ জুই লেহেমীয়া কৰে।
খাব পৰা খাদ্য: মাছ-মাংস, বিলাহী, বুটমাহ, গাখীৰ - অগ্নি বৃদ্ধি কৰে, শক্তি বৃদ্ধি কৰে।
খাদ্য কেৱল শৰীৰক শক্তি প্ৰদানৰ মাধ্যম নহয়, ই আমাৰ মানসিক অৱস্থা, আধ্যাত্মিক প্ৰগতি আৰু সামাজিক আচৰণতো প্ৰভাৱ পেলায়। খাদ্য বিজ্ঞানৰ মতে গ্ৰহবোৰে সপ্তাহৰ বিভিন্ন দিনত আমাৰ শৰীৰ আৰু মনৰ ওপৰত প্ৰভাৱ পেলায়। যদি আমি সেইদিনা গ্ৰহটোৰ প্ৰকৃতি অনুসৰি অনুকূল আৰু সাত্ত্বিক খাদ্য খাওঁ, আৰু অনুপযুক্ত শাক-পাচলি পৰিহাৰ কৰোঁ, তেন্তে কেৱল স্বাস্থ্যই নহয় আধ্যাত্মিক অগ্ৰগতিও হ’ব।
আধুনিক বিজ্ঞানেও মানি লৈছে যে প্ৰতিটো দিনৰ ভৌতিক শক্তি বেলেগ বেলেগ। গতিকে খাদ্যত বৈচিত্ৰ্য ৰখা, এটা বিশেষ দিনৰ উপযোগী খাদ্য খোৱাটো এটা স্বাস্থ্যসন্মত অভ্যাস বুলি গণ্য কৰা হয়।
আহক আমি এই পৰম্পৰা কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয় স্বাস্থ্য আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও গ্ৰহণ কৰি আমাৰ দৈনন্দিন খাদ্যাভ্যাস আৰু অধিক সুষম আৰু স্বাস্থ্যকৰ কৰি তোলোঁ।