পিঁয়াজ খালে যৌন ক্ষমতা বৃদ্ধি পায় নেকি? কোনবোৰ ৰোগত পিঁয়াজ খাব নালাগে?
( অপূৰ্ব দাস )
পিয়াঁজ ভাৰতীয় পাকঘৰৰ এক অপৰিহাৰ্য অংগ। ই কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াৰ বহুতো ঔষধি গুণো আছে। আয়ুৰ্বেদ, ইউনানী আৰু আধুনিক চিকিৎসা বিজ্ঞানত পিঁয়াজক প্ৰাকৃতিক ঔষধ হিচাপে গ্ৰহণ কৰা হৈছে। ই শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে যদিও কিছুমান পৰিস্থিতিত পিয়াঁজ খোৱাটোও ক্ষতিকাৰক হ’ব পাৰে।
• পিঁয়াজ খালে যৌন শক্তি বৃদ্ধি পায় নেকি?
ইয়াৰ উত্তৰ: হয়, কিছু পৰিমাণে বৃদ্ধি পায়।
পিঁয়াজত কিছুমান প্ৰাকৃতিক উপাদান থাকে যিবোৰ যৌন স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। বিশেষকৈ কেঁচা পিঁয়াজে শৰীৰত ৰক্ত সঞ্চালন উন্নত কৰে আৰু টেষ্টষ্টেৰন হৰম’ন সক্ৰিয় কৰাত সহায় কৰে। এই হৰম’নে পুৰুষৰ যৌন ইচ্ছা আৰু ক্ষমতা বৃদ্ধি কৰে।
• বৈজ্ঞানিক কাৰণ:
(১) এন্টিঅক্সিডেন্টঃ পিয়াঁজত কুৱেৰচেটিন নামৰ এবিধ প্ৰধান এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে শৰীৰৰ কোষবোৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে আৰু হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।
(২) ৰক্ত সঞ্চালন উন্নত কৰে: কেঁচা পিঁয়াজে তেজ পাতল কৰি শৰীৰত তেজৰ সোঁত বৃদ্ধি কৰে। তেজৰ সোঁত ভাল হোৱাটো যৌন অংগত উত্তেজনা আৰু কৰ্মক্ষমতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।
(৩) টেষ্টষ্টেৰন বৃদ্ধি কৰে: কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে পিঁয়াজ খালে শৰীৰত টেষ্টষ্টেৰন হৰম’নৰ মাত্ৰা বৃদ্ধি পায়, যিটো যৌন শক্তি বৃদ্ধিত সহায়ক।
(৪) ভাগৰ কমায়: শক্তি বৃদ্ধিতো পিঁয়াজ সহায় কৰে, যাৰ বাবে শাৰীৰিক কাৰ্য্যকলাপৰ সময়ত ভাগৰ কম অনুভৱ হয়।
যৌন শক্তি বৃদ্ধিৰ বাবে পিঁয়াজ কেনেকৈ খাব?
(১) ৰাতিপুৱা খালী পেটত আধা কেঁচা পিঁয়াজ (বগা বা ৰঙা) অলপ নেমু আৰু ক’লা নিমখৰ সৈতে খাব লাগে।
(২) পিয়াঁজ মৌৰ লগত মিহলাইও খাব পাৰি। এয়া আয়ুৰ্বেদিক পদ্ধতি।
(৩) কিছুমান মানুহে গাখীৰৰ লগত মিহলি কৰি পিঁয়াজৰ ৰসও সেৱন কৰে, যাৰ ফলত শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হোৱাত সহায় কৰে।
• কোনবোৰ ৰোগত পিঁয়াজ খাব নালাগে?
যদিও পিঁয়াজৰ বহু উপকাৰ আছে, তথাপিও কিছুমান পৰিস্থিতিত ইয়াক সেৱন কৰিলে ক্ষতিকাৰক হ’ব পাৰে। তলত পিঁয়াজৰ পৰা আঁতৰি থকা কিছুমান প্ৰধান ৰোগ উল্লেখ কৰা হ’ল:
১/ কিছুমান যৌন ৰোগ আৰু মৃগী ৰোগ
কিছুমান যৌন ৰোগ আৰু মৃগী ৰোগত পিঁয়াজ খোৱা উচিত নহয়। যৌন ৰোগ যেনে - সোনকালে বীৰ্য ওলাই যোৱা ( শীঘ্ৰ পতন ) , গনৰিয়া, চিফিলিছ আদি ৰোগ থাকিলে আৰু মৃগী ৰোগ , খং, মানসিক চাপ থাকিলে পিঁয়াজ খোৱা উচিত নহয়। পিঁয়াজে এইবোৰ ৰোগ বঢ়াই তোলে।
২/ এচিডিটি আৰু গেছৰ সমস্যা
পিঁয়াজ বিশেষকৈ কেঁচা পিঁয়াজে পেটত এচিডিটি আৰু গেছ বৃদ্ধি কৰিব পাৰে। পিঁয়াজত Fructan নামৰ আঁহ থাকে যিয়ে গেছ আৰু বদহজম বৃদ্ধি কৰে।
লক্ষণ: পেটত গেছ , বমি , বদহজম, টেঙা টেঙা ওলোৱা
উপদেশঃ এনে লোকে কেঁচা পিঁয়াজ পৰিহাৰ কৰিব লাগে।
৩ / হাঁপানী
পিঁয়াজ আৰু কিছুমান যৌগ আদিৰ প্ৰবল গোন্ধে হাঁপানী ৰোগীক এলাৰ্জিৰ দৰে প্ৰতিক্ৰিয়া দিব পাৰে। ইয়াৰ ফলত উশাহ-নিশাহত সমস্যা হব পাৰে।
লক্ষণ: উশাহ লোৱাত কষ্ট পোৱা, ডিঙি বিষ, কাহ বা চৰ্দি
এইবোৰ ৰোগত পিঁয়াজ খোৱা উচিত নহয়।
৪/ যকৃতৰ ৰোগ (Fatty Liver, Hepatitis)
পিঁয়াজত থকা কিছুমান চালফাৰ যৌগই যকৃতক অধিক সক্ৰিয় কৰি তুলিব পাৰে, যিটো যকৃত ৰোগীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
পৰামৰ্শ: যদি কাৰোবাৰ ফেটি লিভাৰ, হেপাটাইটিছ, বা লিভাৰ চিৰ’ছিছ হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে পিঁয়াজ খাব লাগে। এনে ৰোগীয়ে পিঁয়াজ খোৱা উচিত নহয়।
৫/ পাইলছ
পিঁয়াজৰ ফলত কিছুমান মানুহৰ ডায়েৰিয়া বা মলত্যাগত অসুবিধা হ’ব পাৰে। ই পাইলৰ লক্ষণ আৰু বেছি বেয়া কৰে।
পৰামৰ্শ: পাইলছ ৰোগীয়ে পিয়াঁজকে ধৰি টেঙা আৰু গেছ উৎপাদনকাৰী খাদ্যৰ পৰা আঁতৰি থাকিব লাগে।
৬/ অতি এচিডিটি আৰু আলচাৰ
পিঁয়াজে পেটত অতিৰিক্ত এচিড সৃষ্টি কৰে, যাৰ ফলত আলচাৰ বা হাইপাৰচিডিটিৰ অৱস্থা আৰু বেয়া হ’ব পাৰে।
৭/ ৰক্তচাপ আৰু ব্লাড পাতল কৰা ঔষধ গ্ৰহণ কৰা ৰোগী
পিঁয়াজে তেজ পাতল কৰে । যদি আপুনি ইতিমধ্যে তেজ পাতল কৰা ঔষধ (যেনে এছপিৰিন) খাই আছে, তেন্তে অত্যধিক পিঁয়াজ সেৱনে ৰক্তক্ষৰণৰ সমস্যা বৃদ্ধি কৰিব পাৰে। তেজৰ পৰিমাণ কম থকা লোকে নিমখ, হালধি আৰু পিঁয়াজ খাব নালাগে।
৮/ বৃক্কৰ ৰোগ
বৃক্ক ৰোগীয়ে সীমিত পৰিমাণে পিঁয়াজ সেৱন কৰিব লাগে, বিশেষকৈ যেতিয়া পটাছিয়াম আৰু ফছফৰাছৰ পৰিমাণ বাঢ়ি গলে বৃক্কৰ সমস্যা বাঢ়ি যায়। পিঁয়াজত পটাছিয়াম আৰু ফছফৰাছ থাকে।
• পিঁয়াজৰ কিছুমান উপকাৰ
(১) যৌন শক্তি বৃদ্ধি কৰে
(২) হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল ৰাখে
(৩) চেনি নিয়ন্ত্ৰণ কৰাত সহায় কৰে
(৪) ৰোগ নথকা মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
পিঁয়াজ এক প্ৰাকৃতিক ঔষধ আৰু বিশেষকৈ কেঁচা ৰূপত খালে যৌন শক্তি বৃদ্ধিত সহায়ক হ’ব পাৰে। ই টেষ্টষ্টেৰন হৰম’ন সক্ৰিয় কৰি ৰক্ত সঞ্চালন উন্নত কৰে। অৱশ্যে প্ৰতিটো শৰীৰৰ প্ৰয়োজন বেলেগ বেলেগ। যদি আপোনাৰ পেট, যকৃত, বৃক্ক, এলাৰ্জীৰ কোনো সমস্যা আছে, তেন্তে পিঁয়াজৰ সেৱন সীমিত বা বন্ধ কৰিব লাগে।
মনত ৰাখিব: ঘৰুৱা যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসক বা আয়ুৰ্বেদিক বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো সদায় ভাল।