Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Atomic Image Slider & Breking News

Breaking

Partner.house

AdCash banner

Auto Tag Ad Cash

Slider Menu

Slider Menu

১ জুনৰ পৰা এইবোৰ ফোনত WhatsApp বন্ধ হ'ব। সকলো স্মাৰ্টফোনৰ তালিকা চাওক



১ জুনৰ পৰা এইবোৰ ফোনত WhatsApp বন্ধ হ'ব। 
সকলো স্মাৰ্টফোনৰ তালিকা চাওক


By Good Assam 


কিছু পুৰণি আইফোন আৰু এণ্ড্ৰইড ডিভাইচত আৰু কাম নকৰিব হোৱাটছএপ। এই পৰিৱৰ্তন ২০২৫ চনৰ ১ জুনৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ পূৰ্বে মেটা (ৱাটছএপৰ মূল কোম্পানী)-এ ২০২৫ চনৰ মে’ মাহত ইয়াক কাৰ্যকৰী কৰা হ’ব বুলি কৈছিল যদিও এতিয়া জুন মাহৰ পৰা কাৰ্যকৰী হৈছে।


এইটো মেটাৰ নিয়মীয়া আপডেট প্ৰক্ৰিয়া, যাৰ অধীনত হোৱাটছএপে কিছু বছৰৰ পিছত পুৰণি অপাৰেটিং চিষ্টেমত নিজৰ সমৰ্থন বন্ধ কৰি দিয়ে। ইয়াৰ মূল উদ্দেশ্য হৈছে সুৰক্ষা আৰু উন্নত প্ৰদৰ্শন নিশ্চিত কৰা।




এই অপাৰেটিং চিষ্টেমসমূহত আৰু নাথাকিব হোৱাটছএপ -

• iOS 15 বা পুৰণি সংস্কৰণ আৰু Android 5.0  Lolipop আৰু পুৰণি 


• এইবোৰ ফোন আৰু WhatsApp সমৰ্থন নকৰে -


iPhone 5s
iPhone 6
iPhone 6 Plus
iPhone 6s
iPhone 6s Plus
iPhone SE (1st Gen)
Samsung Galaxy S4
Samsung Galaxy Note 3
Sony Xperia Z1
LG G2
Huawei Ascend P6
Moto G (1st Gen)
Motorola Razr HD
Moto E (2014)


যদি আপোনাৰ ফোনটো এই তালিকাত থাকে তেন্তে কি কৰিব ?

প্ৰথমে আপোনাৰ ফোনত কি চফ্টৱেৰ চলি আছে পৰীক্ষা কৰক। যদি আপুনি iOS 15 বা Android 5 আছে তেন্তে সেই ফোনটো বিক্ৰী কৰক বা সাধাৰণ ফোন কৰিবলৈ ৰাখি থব পাৰে।

 
যদি ফোনটো আপডেট কৰিব নোৱাৰি তেন্তে নতুন ফোন এটা লোৱাৰ আগতে আপোনাৰ হোৱাটছএপৰ ডাটা বেকআপ লওক।

পুৰণি iOS আৰু Android সংস্কৰণসমূহে এতিয়া সুৰক্ষা আপডেট লাভ নকৰাৰ ফলত ডাটা হেকিং আৰু অন্যান্য চাইবাৰ ভাবুকিৰ আশংকা বৃদ্ধি পাইছে। WhatsApp ৰ এই পদক্ষেপ ব্যৱহাৰকাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দিশত গ্ৰহণ কৰা হৈছে।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection